২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমত ৫ লাখৰো অধিক জ্যেষ্ঠ নাগৰিক আছে আৰু এই নাগৰিকসকলক এটি সুস্থ,সবল জীৱন-যাপন কৰোৱাৰ বাবে সমাজ কল্যাণ বিভাগে সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ সহযোগত নিম্নোলিখিত পদক্ষেপসমূহ হাতত লৈছে:
- অভিভাৱক তথা জ্যেষ্ঠ নাগৰিক আইন, ২০১২ ৰ ৰক্ষণাবেক্ষণৰ বাস্তৱায়ন:অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ আৰু কল্যাণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ে অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিক আইন, ২০০৭ ৰ প্ৰৱৰ্তন কৰিছিল।
- জ্যেষ্ঠ নাগৰিকৰ অসম ৰাজ্যিক নীতি, ২০১৬ গঠন।
- জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আচণিৰ নিৰীক্ষণ আৰু আচনিত কোনো ধৰণৰ আসোৱাহ থাকিলে সেইবোৰ দূৰ কৰিবৰ বাবে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ নিৰ্মাণ।